NEZINE's Podcast

জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

NEZINE

জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি 

জুবিন গাৰ্গৰ গীতৰ শৰাই,  কিংবদন্তী শিল্পী গৰাকীৰ সাগৰসম বিশাল সৃষ্টিৰাজিৰ আলোচনাৰ মাজেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগবঢ়াইছে কটন কলেজৰ ১৯৮৪-৮৬ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ গঠিত জোনাক কটনিয়ান গোটে। অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আৰু স্ক্ৰিপ্ট জোনাকৰ সদস্য চিত্তৰঞ্জন ওজাৰ। জোনাকৰ হৈ অনুষ্ঠানটিৰ আঁত ধৰিছে ধ্ৰুৱজ্যোতি মহন্ত আৰু নৱনীতা বৰাই । 

ফটো- ভাস্কৰ দেৱ কোৱঁৰ

সংগীত- প্ৰভাত ৰাভা (বাঁহী), প্ৰসেনজিৎ বৰপূজাৰী (বেঞ্জো) 

A tribute to Music Legend Zubeen Garg by members of Jonak Cottonian Group comprising of 1984-86 batch of Cottonian. Concept and Script: Chittaranjan Ojah, Anchors: Dhrubajyoti Mahanta and Nabanita Bora. 

Photo: Bhaskar Dev Konwar

Music: Prabhat Rabha (Flute), Prosenjit Borpujari (Benjo) 

অনুষ্ঠানটিত অংশগ্ৰহণ কৰা জোনাকৰ সদস্যসকল : 

চিত্তৰঞ্জন ওজা: গল্পকাৰ, নিবন্ধকাৰ

নৱনীতা বৰা: অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক, ভাৰতীয় জীৱন বীমা নিগম, গুৱাহাটী মাণ্ডলিক কাৰ্যালয় 

ধ্ৰুৱজ্যোতি মহন্ত: স্থপতিবিদ, কবি

ৰূপম মহন্ত: মুখ্য মহাপ্ৰবন্ধক, তেল আৰু প্ৰাকৃতিক গেছ নিগম, মুম্বাই, কণ্ঠশিল্পী

নিলয় দাস: কণ্ঠশিল্পী, কাৰিকৰী উপদেষ্টা, নুমলীগড় শোধানাগাৰ

সৌমাৰ ৰাজখোৱা: সহযোগী অধ্যাপক, পদাৰ্থবিজ্ঞান বিভাগ, প্ৰাগজ্যতিষ মহাবিদ্যালয়

উৎপল বৰপূজাৰী: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ সমালোচক 

উৎপল মেধি: অভিযন্তা, বয়লাৰ সমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়, গুৱাহাটী 

ড° পৰী হিলৈদাৰী: সাহিত্য অকাডেমি বঁটা বিজয়ী অনুবাদক, লেখক, সমালোচক

ড° সঙ্গীতা কাকতি: বিশিষ্ট কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক

ডা° কবিন টুমুঙ: উপ চিকিৎসা অধীক্ষক, ই এছ আই এছ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বেলতলা

জয়ন্ত মান্তা: সহযোগী অধ্যাপক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কবি

দীপাঞ্জলি গগৈ: মুৰব্বী, কেমিকেল ইঞ্জিনিয়াৰিঙ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চান্দমাৰী , কণ্ঠশিল্পী

ড° শ্বাশ্বতী চৌধুৰী: সমাজবিজ্ঞানী , গুৱাহাটী 

ত্ৰিদিব কলিতা: দিল্লী নিবাসী উদ্যোগী অভিযন্তা, এম্ ডি এফ্ এস্ ফৰ্মৱৰ্ক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালক, কবি

অনিল শইকীয়া: কণ্ঠশিল্পী, জ্যেষ্ঠ  পশু চিকিৎসক, গুৱাহাটী

প্ৰভাত ৰাভা: অধীক্ষক অভিযন্তা, শিৱসাগৰ, জলসম্পদ বিভাগ, অসম

প্ৰসেনজিৎ বৰপূজাৰী: উপ মহাপ্ৰবন্ধক, ই আই এল, যোধপুৰ 

সুশান্ত তালুকদাৰ: সম্পাদক, নিজাইন 


Support the show

Download NEZINE App to keep listening to NEZINE's podcast